দাবী সমূহৰ সাৰাংশ
চনদত চহী কৰক
মম দীক্ষা হিন্দু ৰক্ষা, মম মন্ত্র সমানতা...
কেৱল হিন্দুৰ মঠ-মন্দিৰ-দেলালয়ত ন্যায়ালয় আৰু কাৰ্যপালিকাৰ হস্তক্ষেপ দেখি আপুনি অতিষ্ঠ হোৱা নাইনে?
গোহত্যাৰ হাৰ ইমান ক্ষীপ্রগতিত বাঢ়ি যোৱাটো চিন্তাৰ বিষয় নহয়নে?
হিন্দুৰ ধাৰ্মিক তথা সাংস্কৃতিক অনুস্থানৰ বিৰুদ্ধে PIL ৰ পিছত PIL দিয়াইছে কোনে?
এইবোৰৰ লগতে তেনে আৰু বহুতো প্রশ্নৰ উত্তৰ বিচাৰি ১০০ ৰ অধিক হিন্দু প্রতিনিধিয়ে ২২ চেপ্তেন্বৰত দিল্লীত একগোট হৈ "হিন্দু দাবী চনদ" নাম দি ৮টা দাবীৰে এখন চনদ প্রস্তুত কৰি উলিউৱা হয় | দাবী সমূহৰ বিষয়ে বিতঙকৈ জানিবলৈ, ইয়াত পঢ়ি চাওঁক:
www.hinducharter.org
১) সংবিধান-সংশোধনৰ জৰিয়তে অল্পসংখ্যকক দিয়া সা-সুবিধা সংখ্যাগৰিষ্ঠ হিন্দুকো দি সকলো নাগৰিকক সমান অধিকাৰ তথা মান-মৰ্যদা দিয়াৰ ব্যৱস্থা কৰক!
২) বৈদেশিক "বৰঙণি" ৰ জৰিয়তে ধৰ্ম-পৰিবৰ্ত্তন তথা অন্যান্য অসামাজিক কাৰ্যকলাপ বন্ধ কৰিবলৈ “ফৰেইন কণ্ট্ৰিবিউশ্বন (ৰেগুলেশ্বন)” আইন (FCRA) ৰদ কৰি নাগৰিকক সুৰক্ষা প্রদান কৰক!
৩) কৃষিৰ সৈতে জড়িত গৰু, ম’হ আদি পশুধনৰ সংৰক্ষণ আইনখন বিধিবৎ পালন কৰি মাংস/গোমাংস ৰপ্তানিৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰক, আৰু দেশৰ মাটি তথা পৰিৱেশ বচাওঁক!
৪) সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ বাতিলকৰণ, আৰু জম্মু-কাশ্মীৰৰ তিনিভাগত বিভাজন কৰি গান্ধাৰৰ হিন্দু-বৌদ্ধক নিৰাপত্তা দিয়ক, সমগ্র দেশলৈ সুস্থিৰতা আনক!
৫) ভাৰতীয়মূলৰ বিতাড়িত ব্যক্তিক অসম তথা উ:পূ: ভাৰতৰ বাহিৰত নাগৰিকত্ব প্রদান কৰি সহোদৰৰ প্রতি থাকা দায়িত্ব পালন কৰক!
৬) "উপাসনা-পদ্ধতিৰ স্বাধীনতা আইন" ৰ বলৱতীকৰণ কৰি কেৱল সংখ্যগৰিষ্ঠ হিন্দুৰ মঠ-মন্দিৰ-দেৱালয়-শিক্ষানুস্থানত চলি থাকা চৰকাৰ তথা ন্যায়ালয়ৰ হস্তক্ষেপ বন্ধ কৰি প্রকৃত অৰ্থত সমানতা আনক!
৭) সংখ্যালঘূৰ বাবে থাকা বিশেষ নিগমৰ দৰে "হিন্দু সাংস্কৃতিক পুনৰুত্থান নিগম" গঠন কৰি দেশৰ সাংস্কৃতিক জীৰ্ণোদ্ধাৰৰ জৰিয়তে ঐতিহ্যমণ্ডিত ইতিহাসৰ উচিত ৰক্ষণা-বেক্ষণৰ পথ সুনিশ্চত কৰক!
৮) সকলো ভাৰতীয় ভাষাৰ সম-অধিকাৰক স্বীকৃতি দি অনুস্থান-প্রতিষ্ঠানত বড়ো-টাই-ৰাভা-মিছিং আদি সকলো প্রান্তীয় ভাষিকলৈ সমান সা-সুবিধা তথা অধিকাৰৰ ব্যৱস্থা কৰক!
Sign the Charter of Hindu Demands Petition
Read the petitionহিন্দু-সমাজৰ দাবী
আমাৰ শেহতীয়া খবৰ
অন্ত পৰক হিন্দু সমাজৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে চলি থকা পদ্ধতিগত আৰু প্ৰতিষ্ঠিত বৈষম্যঃ হিন্দু সমাজৰ গুৰুত্বপূৰ্ণ দাবীবোৰ
নিউ দিল্লী, ছেপ্তেম্বৰ ২৩,২০১৮ কালি ২২ ছেপ্তেম্বৰত নতুন দিল্লীত হিন্দুসমাজক অতিকৈ প্ৰভাৱান্নিত কৰা বিভিন্ন ধৰণৰ সাংবিধানিক, ন্যায়িক আৰু ৰণ-নীতিগত সমস্যাবোৰৰ […]